ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 3, 2024 11:25 AM | ISRO

printer

ইছৰোৰ আন্তঃ গ্ৰহ জীৱনৰ অনুকৰণৰ উদ্দেশ্যে লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোয়ে আন্তঃ গ্ৰহ জীৱনৰ অনুকৰণৰ উদ্দেশ্যে লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ কৰিছে। অদূৰ ভৱিষ্যতে ভাৰতে চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰাৰ পৰিকল্পনাৰ বাবে ইছৰোৰ এই পদক্ষেপে বিশেষ তাৎপর্য বহন কৰিছে। এনালগ মহাকাশ অভিযান হৈছে মহাকাশৰ পৰিৱেশৰ সৈতে ভৌতিক সাদৃশ্য থকা কোনো এটা স্থানত চলোৱা ক্ষেত্ৰ পৰীক্ষা। লাডাখৰ ভৌগোলিক বৈশিষ্ট্য, শুকান আৰু ঠাণ্ডা জলবায়ু, বন্যার্ত ভূমি, উচ্চতাত অৱস্থিত ভূখণ্ড আদিৰ মংগল গ্ৰহ আৰু চন্দ্ৰৰ ভূ-প্ৰকৃতিৰ সৈতে ওতঃপ্রোত মিল থকা বুলি ধাৰণা কৰা হৈছে। ভাৰতে চন্দ্ৰত বসতি স্থাপনৰ পৰিকল্পনা কৰাৰ পিছতে এই মাহজোৰা অভিযান চলোৱা হৈছে। এই অভিযানত হাব-১ নামৰ এটা বিশেষ বাসগৃহ অন্তর্ভুক্ত কৰা হৈছে যত হাইড্ৰ’পনিক্স ফাৰ্ম, পাকঘৰ, আৰু অনাময় ব্যৱস্থাৰ দৰে অত্যাৱশ্যকীয় সুবিধাসমূহ সংলগ্ন কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ইছৰো কৰ্তৃপক্ষই কয় যে হিউমেন স্পেচফ্লাইট চেণ্টাৰ, ইছৰো, আকা স্পেচ ষ্টুডিঅ’, লাডাখ বিশ্ববিদ্যালয়, আই আই টি বম্বে আৰু লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদৰ সহযোগত লেহত এই মহাকাশ অভিযান আৰম্ভ কৰা হৈছে। সমুদ্রপৃষ্ঠৰ পৰা ৩০০০ মিটাৰতকৈও অধিক উচ্চতাত থকা লাডাখত অক্সিজেনৰ মাত্ৰা মাত্র ৪০ শতাংশ। কম চাপ আৰু কম অক্সিজেনৰ পৰিৱেশে গৱেষকসকলক মংগল গ্ৰহৰ দৰে পৰিস্থিতিত জীৱন সমৰ্থন ব্যৱস্থাৰ মূল্যায়ন কৰিবলৈ সুযেগ প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।