ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 2, 2025 10:56 AM | ISRO CMS-03

printer

ইছৰোই দেশৰ সবাতোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্ৰহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰিব

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই আজি সন্ধিয়া ৫-২৬ মিনিটত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ সবাটোকৈ গধুৰ যোগাযোগ কৃত্রিম উপগ্রহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰিব। CMS-03 একাধিক বেনযুক্ত সামৰিক যোগাযোগ উপগ্রহ। এই উপগ্ৰহটোৰ GSAT-7R নামেৰেও জনাজাত। এই উপগ্রহটো LVM3 নামৰ ৰকেটেৰে উৎক্ষেপণ কৰা হ’ব। ইছৰোই প্ৰকাশ কৰা মতে এই উপগ্ৰহটোৱে ভাৰতীয় ভূভাগসহ মহাসাগৰীয় অঞ্চলত সেৱা আগবঢ়াব।