ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ আজি জন্মদিন। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজিৰ দিনটো পৱিত্ৰ মিলাদ-উন-নবী হিচাপে উদযাপন কৰিছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাদ-উন-নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে দেশবাসীক বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। পয়গম্বৰ মহম্মদে একতা আৰু মানৱতাৰ সেৱাৰ বাণী বিলাইছিল বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনায় যে এই পৱিত্ৰ উৎসৱত জনসাধাৰণে পয়গম্বৰ মহম্মদৰ আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হৈ ভাতৃত্ববোধৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত।
ইপিনে, প্রধানমন্ত্রী শ্রীমোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই উৎসৱে সমাজত শান্তি আৰু কল্যাণৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে আশা প্রকাশ কৰে যে সহানুভূতি, সেৱা আৰু ন্যায়ৰ মূল্যবোধে সদায় প্ৰতিগৰাকী লোককে দিক নির্দেশনা দি আহিছে।