তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাচাৰী স্বাজডাক পোনপটীয়া ছেটত পৰাস্ত কৰি ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত আধিপত্য অব্যাহত ৰাখিছে। ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে স্বাজডাক ৬-৩, ৬-৩, ৬-১ ছেটত পৰাস্ত কৰে। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগছৰ আন এখন খেলত স্পেইনৰ কাৰ্লোৰ্ছ অস্কাৰাজে ইটালীৰ মাটিয়া বেলুচীক ৬-১, ৬-০, ৬-৩ ছেটত পৰাভূত কৰে।
মহিলাৰ ছিংগলছত জাপানৰ নাওমী ওছাকাই বেলজিয়ামৰ গ্ৰীট মিনেনক ৬-৩, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। মহিলাৰ ছিংগলছৰ আন এখন খেলত ৰাছিয়াৰ মিৰা এন্ড্রিভাই সতীৰ্থ খেলুৱৈ অনাচটাছিয়া পোটাপ’ভাক পোনপটীয়া ছেটত পৰাস্ত কৰে।