ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 6, 2024 12:24 PM | Euro Cup 2024

printer

ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্পেইন বনাম ফ্ৰান্স

ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্পেইন ফ্ৰান্সৰ মুখামুখি হ’ব। জাৰ্মানীৰ ষ্টুটগার্টত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পেইনে জার্মানীক ২-১ গলত পৰাস্ত কৰে। স্পেইনৰ ডানী অল্‌মো আৰু মাইকেল মৰিনোৱে এটাকৈ গল দিয়ে। আনহাতে জাৰ্মানীৰ হৈ ফ্লৰিয়ন বিটজে একমাত্র গলটো দিয়ে। দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ফ্রান্সে পর্টুগালক পেনাল্টি শুট আউটৰ সহায়ত ৫-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে। প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল ৯ জুলাইত জাৰ্মানীৰ মিউনিখ আৰু দ্বিতীয়খন ছেমি ফাইনেল ১০ জুলাইত ডাটমণ্টত খেলোৱা হ’ব। বার্লিনত অহা ১৪ জুলাইত প্রতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।