মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে কয়, যে ইউক্রেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে হ’বলগীয়া আলোচনাত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি উপস্থিত থকাৰ আৱশ্যকতা নাই। ফক্স নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই বৈঠকত জেলেনস্কি উপস্থিত থকাটো গুৰুত্বপূৰ্ণ নহয়। ট্রাম্পে ৰাছিয়াই ইউক্রেইনক আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰে যদিও এই যুদ্ধৰ অন্ত পেলাব নোৱাৱাৰ বাবে পূৰ্বৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক দোষাৰোপ কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে বিচাৰিলে সমগ্র ইউক্রেইনকে নিজৰ অধীনলৈ আনিব পাৰে বুলি ট্রাম্পে সোঁৱৰাই দিয়ে। ইপিনে ইউক্রেইনত থকা আমেৰিকাৰ ৰাষ্ট্রদূত কিথ কেল’গে জেলেনস্কিক এগৰাকী সাহসী নেতা বুলিহে মন্তব্য কৰিছে।
Site Admin | February 22, 2025 11:53 AM | Ukraine-Russia Meet
ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ অৱসানৰ উদ্দেশ্যে হ’বলগীয়া আলোচনাত ইউক্রেইনৰ ৰাষ্ট্ৰপতি উপস্থিত থকাৰ আৱশ্যকতা নাই : ডনাল্ড ট্ৰাম্প