ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইউক্রেইনৰ ৰাষ্ট্ৰপতিক যুদ্ধবিৰতিৰ বিষয়টো বিবেচনা কৰিবলৈ হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰীৰ আহ্বান

হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বানে মস্কোৰ সৈতে আলোচনা প্রক্রিয়া ত্বৰান্বিত কৰাৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে যুদ্ধবিৰতিৰ বিষয়টো বিবেচনা কৰিবলৈ ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিক আহ্বান জনাইছে। পৰৱৰ্তী ছমাহৰ বাবে ইউৰোপীয় সংঘৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই প্ৰথমবাৰৰ বাবে ইউক্রেইন ভ্ৰমণলৈ যোৱা হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যুদ্ধবিধবস্ত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক এই আহ্বান জনায়। কিয়েভত এই সন্দৰ্ভত তেওঁ কয় যে, ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধবিৰতিয়ে এই যুদ্ধৰ অৱসানৰ হকে আলাপ-আলোচনাৰ গতি ত্বৰান্বিত কৰিব। উল্লেখযোগ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকা অর্বানে বিগত সময়ছোৱাত ইউক্রেইনলৈ পাশ্চাত্যৰ সমৰ্থনক সমালোচনা কৰি অহা পৰিলক্ষিত হৈছে। ইপিনে ইউক্রেইনৰ বৈদেশিক মন্ত্রী ডিমিট্‌’ কুলেবাই কয় যে, শান্তিৰ প্ৰসংগক লৈ হাঙ্গেৰীৰ প্রধানমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ দেশৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ গঠনসমূলক আলোচনা সম্পন্ন হয়। এই সময়ছোৱাত নেতা দুয়োগৰাকীয়ে ইউক্রেইনত বসবাস কৰি থকা হাঙ্গেৰীৰ প্ৰায় এক লাখ নাগৰিকৰ প্ৰসংগকে ধৰি বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ আলোচনা কৰে বুলি তেওঁ জানিবলৈ দিয়ে।