ইউক্রেইনৰ ৰাজধানী কীভত যোৱানিশা ৰাছিয়াই কৰা আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২৭ জন আহত হৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে ইউক্রেইনৰ শক্তি, আন্তঃগাঁথনি আৰু সেনা ঔদ্যোগিক ব্যৱস্থাসমূহ ধ্বংস কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ সেনাবাহিনীয়ে এই আক্ৰমণত দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ, ক্ষেপনাস্ত্ৰৰ লগতে ড্ৰোণৰ ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছে। এই আক্ৰমণত দেশখনৰ কিছু অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। উল্লেখযোগ্য যে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি যোৱা প্ৰায় ৪ বছৰ ধৰি ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ অৱসান ঘটোৱা বিষয় সন্দৰ্ভত কাইলৈ ফ্লৰিডাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা।
Site Admin | December 27, 2025 8:15 PM | Akashvani | Akashvani News | Russia | Russia-Ukraine
ইউক্রেইনৰ ৰাজধানী কীভত যোৱানিশা ৰাছিয়াৰ আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২৭ জন আহত