December 28, 2025 10:06 PM | russia putin

printer

ইউক্রেইনে শান্তিৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদা কৰা নাইঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ইউক্রেইনে শান্তিৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদা কৰা নাই আৰু যদিহে তেওঁলোকে শান্তিপূর্ণভাৱে মস্কোৰ সৈতে সংঘাত দূৰ কৰাৰ প্ৰয়াস নকৰে তেতিয়া ৰাছিয়াই বল প্ৰয়োগ কৰি হ’লেও তেওঁলোকৰ লক্ষ্য সাধন কৰিব। ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কালি চীফ অব জেনেৰেল ষ্টাফ ভেলেৰী গেৰাছিমভ আৰু বিভিন্ন যুদ্ধক্ষেত্ৰৰ দলসমূহৰ কামাণ্ডাৰসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পাছত শ্ৰীপুটিনে কয় যে ৰাছিয়া আৰু ইউক্রেইন সীমান্তৰ বিভিন্ন অগ্ৰৱৰ্তী অঞ্চলত সুৰক্ষিত স্থান স্থাপন কৰিছে। তেওঁ লগতে কয় যে ৰাছিয়াৰ নিৰাপত্তা বাহিনীসমূহে ডনবাছ আৰু জাপোৰোঝাই অঞ্চলত আগুৱাই গৈছে। তেওঁ লগতে কয় যে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে চাৰি বছৰ ধৰি চলি থকা যুদ্ধত ৰাছিয়াই দখল কৰা ইউক্রেইনৰ অঞ্চলসমূহ বিশেষকৈ জাপোৰিঝাই পাৰমাণবিক শক্তি প্রকল্প ইউক্রেইনৰ বাবে উল্লেখযোগ্য হিচাপে বিবেচিত হৈ আছে। শ্রীজেলেনস্কিয়ে এই স্পৰ্শকাতৰ বিষয়সমূহৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ফ্লৰিডাত আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ সৈতে বৈঠকত মিলিত হোৱাৰ পূৰ্বে তেওঁ এই মন্তব্য কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।