ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 17, 2025 8:32 PM | ECI

printer

আৰ্হি আৰু ছপাৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিয়মাৱলীৰ সংশোধন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ই ভি এম বেলট পেপাৰৰ স্পষ্টতা আৰু পঢ়াৰ সুবিধা বৃদ্ধি কৰাৰ বাবে ইয়াৰ আৰ্হি আৰু ছপাৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিয়মাৱলীৰ সংশোধন কৰিছে। নির্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰা আৰু ভোটদাতাৰ সুবিধার্থে নির্বাচন আয়োগে যোৱা ছমাহত গ্ৰহণ কৰা ২৮ টা পদক্ষেপৰ অংশ হিচাপে এই সংশোধন কৰা হৈছে। এই অনুসৰি, ই ভি এম বেলট পেপাৰত প্ৰাৰ্থীৰ ৰঙীণ ফটো ছপা কৰা হ’ব আৰু ভালদৰে দেখাৰ বাবে বেলট পেপাৰৰ চাৰি ভাগৰ তিনি অংশত প্ৰাৰ্থীজনৰ ফটোখন থাকিব। পঢ়াত সুবিধা হোৱাকৈ সকলো প্ৰাৰ্থী আৰু ন’টাৰ নাম একেধৰণৰ আখৰেৰে ছপা কৰা হ’ব। নতুনকৈ উন্নীত কৰা ই ভি এম বেলট পেপাৰসমূহ সমাগত বিহাৰ নিৰ্বাচনৰ পৰাই ব্যৱহাৰ কৰা হ’ব বুলি আয়োগে প্ৰকাশ কৰিছে। নির্বাচন আয়োগে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াসকললৈ পত্ৰ প্ৰেৰণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।