ডাউনলোড
মোবাইল এপ

android apple
signal

আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন’ছ আয়াৰ্ছত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ট্রেনিদাদ আৰু টবেগ’ৰ সফল ভ্ৰমণ সামৰি পাঁচ দেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন’ ছ আয়াৰ্ছত উপস্থিত হৈছে। প্রধানমন্ত্রী মোদীক প্রবাসী ভাৰতীয়সকলে বিশেষ শাস্ত্রীয় নৃত্যৰে আদৰণি জনায়। শ্ৰীমোদীয়ে আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্রামী তথা জাতীয় নায়ক জেনেৰেল জোছ ডে ছেন মার্টিনৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ ভ্ৰমণ আৰম্ভ কৰিব। আনুষ্ঠানিক অভ্যর্থনাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উভয় দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰৰ অন্বেষণ কৰাৰ উদ্দেশ্যে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে দুয়ো দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য আৰু ভেষজ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, আন্তঃগাঁথনি, খনন আৰু খনিজ সম্পদ, কৃষি আৰু খাদ্য সুৰক্ষা, সেউজ শক্তি, তথ্য যোগাযোগ প্রযুক্তি আৰু ডিজিটেল উদ্ভাৱন, দুর্যোগ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু জন সম্পর্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ মুকলি কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে ব্ৰাজিলৰ ৰিঅ’ডি জেনেৰিঅ’ত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ আপাহতে যোৱা নৱেম্বৰত প্ৰধানমন্ত্রী মোদী আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়েৰ মাইলি আলোচনাত মিলিত হৈছিল। প্ৰধানমন্ত্রীয়ে ২০১৮ চনত জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আৰ্জেণ্টিনালৈ গৈছিল যদিও এয়া হৈছে বিগত ৫৭ বছৰত কোনো এগৰাকী ভাৰতীয় প্রধানমন্ত্ৰীৰ দেশখনলৈ প্ৰথম দ্বিপাক্ষিক ভ্রমণ।

পাঁচদেশীয় যাত্ৰালৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাক লেটিন আমেৰিকাত ভাৰতৰ গুৰুত্বপূৰ্ণ অর্থনৈতিক সহযোগী আৰু জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অন্যতম ঘনিষ্ঠ অংশীদাৰ বুলি অভিহিত কৰিছিল।

আৰ্জেণ্টিনা ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী মোদী ৰিঅ’ ডি জেনেৰিঅ’ত হ’বলগীয়া ব্রিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ব্রাজিললৈ যাব। পাঁচদেশীয় ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে নামিবিয়ালৈ যাব।

অধিক পঢ়ক

সকলো চাওক