May 12, 2025 11:44 AM | Archery

printer

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ত ভাৰতৰ ৭টা পদক

চীনৰ ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ত ভাৰতে ২টা স্বর্ণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদককে ধৰি ৭টা পদকেৰে নিজৰ অভিযান সামৰিছে। ভাৰতৰ পার্থ সুশান্ত ছালুংখেই পুৰুষৰ একক ৰিকাৰ্ভ শিতানত আৰু দীপিকা কুমাৰীয়ে মহিলাৰ একক ৰিকাৰ্ভ শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। প্লে অফত পাৰ্থ ছালুংখেই ফ্ৰান্সৰ অলিম্পিক পদক বিজয়ী বেপ্টিষ্ট এডিছক ৬-৪ৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে দীপিকা কুমাৰী কোৰিয়াৰ কাং চাই-ইয়ঙৰ বিৰুদ্ধে ৭-৩ ব্যৱধানত জয়ী হয়।
মহিলাৰ একক কম্পাউণ্ড শাখাত মধুৰা ধমনগাঁওকাৰে তথা অভিষেক বাৰ্মা, ঋষভ যাদৱ আৰু ওজাছ দেওতালেই পুৰুষৰ দলীয় কম্পাউণ্ড শাখাত স্বর্ণপদক দখল কৰে। জ্যোতি সুৰেখা ভেন্নাম, চিকিতা তানিপাৰ্থী আৰু মধুৰা ধামাগাওকাৰেৰে গঠিত মহিলা দলটোৱে কম্পাউণ্ড শাখাৰ ৰূপৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। মধুৰা আৰু অভিষেকে কম্পাউণ্ড মিক্সড দলীয় শাখাতো ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ একক কম্পাউণ্ড ইভেণ্টত ভাৰতৰ হৈ ব্ৰঞ্জৰ আনটো পদক ঋষভে জয় কৰিবলৈ সমৰ্থ হয়। অহা ৩ৰ পৰা ৮ জুনলৈ আন্টালিয়াত বিশ্বকাপৰ তৃতীয় পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ’ব।