উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষে আৰক্ষী কর্মীসকলৰ অদম্য সাহস আৰু চৰম বলিদানৰ প্রতি শ্রদ্ধা নিবেদন কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, যে দেশৰ সুৰক্ষা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি আৰক্ষী কৰ্মীসকলৰ অভূতপূর্ব প্রতিশ্রুতিবদ্ধতা সন্মানৰ উৎস স্বৰূপ। তেওঁ কয়, যে যিকোনো সংকট আৰু মানৱীয় আৱশ্যকতাৰ সময়তো সেৱাৰ প্ৰতি প্ৰদৰ্শন কৰা নিষ্ঠা আৰু তৎপৰতাৰে আৰক্ষীয়ে সাহসিকতা, দয়া, কৰুণা আৰু কৰ্তব্যনিষ্ঠাৰ নিদর্শন দেখুৱাই আহিছে।
লাডাখত হট স্প্রিংছত অস্ত্র-শস্ত্ৰৰে সুসজ্জিত চীনা বাহিনীয়ে চলোৱা অতর্কিত আক্রমণত প্রাণ হেৰুওৱা ১০ গৰাকী বীৰ আৰক্ষী কর্মীলৈ শ্রদ্ধা নিবেদনৰ উদ্দেশ্যে প্ৰতিবছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়।
 
									