প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা মঙলবাৰে আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কর্মীসকলৰ প্ৰতি শ্ৰদ্ধার্ঘ্য নিবেদন কৰিব। ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখত চীনৰ সশস্ত্র সৈনিকৰ এটা দলে অতর্কিতে আক্রমণ চলাই নিহত কৰা ১০ গৰাকী আৰক্ষী কৰ্মীৰ স্মৃতিত এই দিৱস পালন কৰা হয়। এই উপলক্ষে কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু দিল্লী আৰক্ষীৰ জোৱানসকলৰ যুটীয়া কুছ-কাৱাজৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্রী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাৰ মুৰববীসকলৰ লগতে অন্য বিশিষ্ট ব্যক্তিসকলে আৰক্ষী স্মাৰকত শ্রদ্ধাঞ্জলি নিবেদন কৰিব। প্ৰতিৰক্ষামন্ত্ৰীয়ে লগতে এটা সমাৱেশতো ভাষণ দিব। স্মৃতিচাৰণ অনুষ্ঠানৰ অংশহিচাপে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহে অহা ২২ৰ পৰা ৩০ অক্টোবৰলৈ ভালেমান কাৰ্যসূচীৰ আয়োজন কৰিছে।
Site Admin | October 19, 2025 2:25 PM | Defence Minister Rajnath Singh
আৰক্ষী স্মৃতি দিৱস উপলক্ষে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কর্মীসকলৰ প্ৰতি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধার্ঘ্য নিবেদন