আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশেষকৈ যুৱ চামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব আৰোপ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ বিশেষকৈ যুৱ চামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে পেচাদাৰীত্ব, সংবেদনশীলতা আৰু দায়বদ্ধতা বৃদ্ধিৰে জনসাধাৰণৰ ধাৰণা সলনি কৰাটো সম্ভৱ হ’ব। আজি ৰায়পুৰত আয়োজিত আৰক্ষী সঞ্চালক প্রধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ ৬০ সংখ্যক সন্মিলনত প্রধানমন্ত্রীয়ে অধ্যক্ষতা কৰে। তেওঁ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত আৰক্ষী তথা প্রশাসনক জনবসতিহীন দ্বীপসমূহক একত্ৰিত কৰাৰ বাবে উদ্ভাৱনী কৌশল গ্রহণ কৰি নেটগ্ৰীডৰ অধীনত তথ্য একত্ৰিত কৰি কৃত্রিম বুদ্ধিমত্তাৰ সৈতে সংযোজিত কৰি কাৰ্যক্ষম চোৰাংচোৱা ব্যৱস্থা গঢ়ি তুলিবলৈ নির্দেশ দিছে। তেওঁ লগতে বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্রতিষ্ঠানসমূহক আৰক্ষীৰ অনুসন্ধানত ফৰেন্সিকৰ ব্যৱহাৰ সন্দৰ্ভত অধ্যয়ন কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্রীয়ে নিষিদ্ধ ঘোষিত সংগঠনসমূহক নিয়মীয়াকৈ নিৰীক্ষণ কৰাৰ বাবে ব্যৱস্থা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। শ্রী মোদীয়ে বাও উগ্রবাদ মুক্ত অঞ্চলসমূহত সর্বাংগীন বিকাশ সুনিশ্চিত কৰাৰ লগতে উপকূল অঞ্চলৰ নিৰাপত্তা শক্তিশালী কৰিবলৈ নতুন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এই সম্মিলনৰ মূল বিষয়বস্তু আছিল বিকশিত ভাৰত সুৰক্ষাৰ দিশসমূহ। অনুষ্ঠানত প্রধানমন্ত্রীয়ে ইন্টেলিজেঞ্চ ব্যুৰ’ৰ বিষয়াসকলক তেওঁলোকে আগবঢ়োৱা বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক প্ৰদান কৰে। তেওঁ লগতে নগৰীয়া আৰক্ষী সেৱাত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে তিনিখন মহানগৰ আৰক্ষীক বঁটা প্ৰদান কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।