আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণ গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণ কৰে। জন-কল্যাণ আৰু নগৰ উন্নয়নৰ বিভিন্ন পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৃহ মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণ কৰে। শ্ৰীশ্বাহে আজি পুৱা গোটা আৰু চান্দলোডিয়া ৱাৰ্ডত নগৰীয়া স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে গছপুলি ৰোপণ কৰে। তেওঁ লগতে ভদ্রকালী মন্দিৰতো পূজা কৰে। গৃহমন্ত্ৰীগৰাকীয়ে পুনৰনিৰ্মাণ কৰা চৰ্দাৰ বাগো উদ্বোধন কৰে।