আহমেদাবাদৰ মেঘানি নগৰত  এয়াৰ ইণ্ডিয়াৰ AI-171 বিমানৰ দুৰ্ঘটনাত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্রীৰ গভীৰ শোক প্ৰকাশ

দুগৰাকী পাইলট আৰু ১০গৰাকী চালক দলৰ সদস্যসহ মুঠ ২৪২গৰাকী লোক কঢ়িয়াই নিয়া লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰৰ সমীপৰ মেঘানি নগৰত দুর্ঘটনাগ্রস্ত হয়। দুর্ঘটনাগ্রস্ত AI-171 বিমানখনত ১৬৯গৰাকী ভাৰতীয় নাগৰিকৰ লগতে ৫৩গৰাকী ব্ৰিটেইনৰ, এগৰাকী কানাডাৰ আৰু সাতগৰাকী পর্তুগীজৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ পাছত প্ৰয়োজনীয় সকলো ধৰণৰ সহায়ৰ বাবে মন্ত্ৰালয়ে ০১১-২৪৬১০৮৪৩ আৰু ৯৬৫০৩৯১৮৫৯ নম্বৰ দুটা মুকলি কৰি দিছে। ইয়াৰ লগতে যাত্ৰীসকলৰ সৈতে জড়িত যিকোনো ধৰণৰ তথ্য আৰু সহায়ৰ বাবে আহমেদাবাদ বিমান বন্দৰত ৯৯৭৪১১১৩২৭ হেল্পলাইন নম্বৰ এটাও মুকলি কৰা হৈছে বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে। এয়াৰ ইণ্ডিয়াইও এই সংক্রান্তীয় তথ্য আৰু সহায়ৰ বাবে ১৮০০-৫৬৯১৪৪৪ হটলাইন নম্বৰ এটাও মুকলি কৰিছে। এই বিমান দুৰ্ঘটনাৰ পাছতেই বিমান দুর্ঘটনা তদন্তকাৰী ব্যুৰোৰ সঞ্চালক প্ৰধানৰ লগতে আন এটা দলো ইতিমধ্যে আহমেদাবাদলৈ ৰাওনা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৯০গৰাকী জোৱানে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে। বদোদাৰ পৰা আৰু কেইবাটাও এন ডি আৰ এফৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। দুৰ্ঘটনাত আহত লোকসকলক ততালিকে আহমেদাবাদ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুৱে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে এই দুর্ঘটনাক অত্যন্ত দুখঃজনক বুলি অভিহিত কৰিছে। তেওঁ লগতে কয় যে সমগ্ৰ ৰাষ্ট্ৰ এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ সৈতে আছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সামাজিক মাধ্যমযোগে এই ঘটনাক অত্যন্ত দুর্ভাগ্যজনক বুলি অভিহিত কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুর্ঘটনাক অবর্ণনীয় বুলি অভিহিত কৰিছে। শ্রীমোদীয়ে এই দুর্ঘটনা সন্দৰ্ভত কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে কথা পাতি তেওঁলোকক আহমেদাবাদলৈ ৰাওনা হ’বলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে এই দুৰ্ঘটনাত ক্ষতিগ্রস্ত লোকসকলক প্রয়োজনীয় সহায় সুনিশ্চিত কৰিবলৈও মন্ত্ৰী দুগৰাকীক নিৰ্দেশ দিয়ে। ইপিনে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই দুর্ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ সৈতে কথা পাতে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।