গুজৰাটৰ আহমেদাবাদৰ মেঘানি নগৰত কালি হোৱা এয়াৰ ইণ্ডিয়া বিমানৰ দুৰ্ঘটনাস্থলীত আজি ফৰেণচিক বিশেষজ্ঞসকলৰ এটা দলে পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঘটনাস্থলীৰ পৰা বিমানখনৰ এটা ব্লেক বক্স উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এয়াৰ ট্ৰেফিক সেৱা চমুকৈ এ টি এছৰ দলে দুৰ্ঘটনাস্থলীৰ পৰা এটা ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ উদ্ধাৰ কৰিছিল। দুৰ্ঘটনাটোৰ তদন্ত পূর্ণ গতিত চলি আছে আৰু সুৰক্ষা সংস্থাসমূহে দুৰ্ঘটনাস্থলীত উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত আহত লোকসকলৰ অৱস্থাৰ বুজ লয়। কালিৰ বিমান দুৰ্ঘটনাটোৰ প্ৰসংগত সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে আহমেদাবাদত সংঘটিত এই ভয়াবহ দুর্ঘটনাটোৱে দেশবাসীক শোকস্তব্ধ কৰি তুলিছে। এই হৃদয়বিদাৰক দুৰ্ঘটনাটোত বৃহৎ সংখ্যক লোকৰ প্রাণহানি ঘটাৰ ফলত হোৱা ক্ষতিক কোনো শব্দৰে বৰ্ণনা কৰিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে লগতে কয়, যে চৰকাৰে এই লোকসকলৰ বেথা অনুভৱ কৰাৰ লগতে তেওঁলোকৰ এই শূন্যতা যে বহু বছৰলৈ অনুভূত হৈ থাকিব, সেই কথাও উপলব্ধি
কৰে। প্রধানমন্ত্রীয়ে বিমান দুর্ঘটনাটোত প্ৰাণ ৰক্ষা পৰা একমাত্র ব্যক্তি ভাৰতীয় মূলৰ ব্ৰিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশকো আজি স্থানীয় এখন চিকিৎসালয়ত সাক্ষাৎ কৰে। প্রধানমন্ত্রী মোদীয়ে দুর্ঘটনাটো সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰি দুৰ্ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত অক্লান্তভাৱে কামত ব্যস্ত হৈ থকা লোকসকলকো সাক্ষাৎ কৰে। কালিৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পৰিয়ালকো সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীয়ে পাছত আহমেদাবাদত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। চিনাক্ত হোৱা মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত পৰিয়ালক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। এতিয়ালৈকে ৭টাৰো অধিক মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হৈছে আৰু ২০০তকৈও অধিক ডি এন এ নমুনা সংগ্রহ সম্পন্ন হৈছে।
ইপিনে, দুর্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা তেজৰ চাহিদা পূৰণ কৰিবলৈ বহুসংখ্যক লোকে স্বেচ্ছাই ৰক্তদান কৰিবলৈ আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছে। ভাৰতীয় সেনাবাহিনীয়ে আহমেদাবাদত থকা সেনাবাহিনীৰ ছাউনীত এটা ৰক্তদান শিবিৰৰ আয়োজন কৰিছে।
উল্লেখযোগ্য যে, এয়াৰ ইণ্ডিয়াৰ বয়িং 787-8 শ্ৰেণীৰ বিমানখন কালি আহমেদাবাদ বিমান বন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ ঠিক পাছতেই বি-জে মেডিকেল কলেজৰ কাষৰীয়া আবাসিক এলেকাত দুর্ঘটনাগ্রস্ত হয়। দুর্ঘটনাটোত বিমানখনৰ ২৪১ গৰাকী আৰোহীৰ লগতে আন কেইবাগৰাকীও ব্যক্তিৰ মৃত্যু
হয়।
Site Admin | June 13, 2025 8:30 PM | Black Box Recovered
আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ব্লেক বক্স উদ্ধাৰ
