গুজৰাটৰ আহমেদাবাদৰ মেঘানি নগৰত আজি দুপৰীয়া ২৪২গৰাকী যাত্ৰী কঢ়িয়াই লণ্ডন অভিমুখে উৰা মাৰিবলৈ লোৱা এয়াৰ ইণ্ডিয়াৰ A1-171 নম্বৰৰ বিমানখন উৰণৰ সময়তে দুর্ঘটনাগ্রস্ত হয়। বিমানখনত ১৬৯গৰাকী ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ, এগৰাকী কানাডিয়ান আৰু সাতগৰাকী পৰ্তুগীজ নাগৰিক আছিল। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী চি আৰ পাটিলে এই দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীয়ে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ কৰিছে। দুৰ্ঘটনাত সামান্য আঘাটপ্রাপ্ত এজন লোকক উদ্ধাৰ কৰা হৈছে। এই লোকজন ব্ৰিটেইনৰ নাগৰিক বিশ্বাস কুমাৰ ৰমেশ বুলি চিনাক্ত কৰা হৈছে। গুৰুতৰভাবে আহতসকলক ততালিকে সমীপৰ চিকিৎসালয়ত ভর্তি কৰোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনা গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে এই অবর্ণনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা লোকসকলৰ ওচৰত সমগ্ৰ ভাৰতবাসী আছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধাৰ অভিযানৰ অহৰহ তথ্য লৈ আছে আৰু সকলো সাহায্যৰ প্রতিশ্রুতি দিছে। প্রধানমন্ত্রী মোদীয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন ৰায়ডুৰ সৈতে কথা পাতি সকলো দিশৰ বুজ লয়। শ্ৰী ৰায়ডুয়ে কয় যে, সকলো ধৰণৰ তাৎক্ষণিক পদক্ষেপ লোৱা হৈছে আৰু মন্ত্ৰালয়ে এই দুৰ্যোগ অভিযানৰ সকলো তথ্য লৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে কথা বতৰা পাতি সকলো সাহায্যৰ প্ৰতিশ্ৰুতি দিছে এয়াৰ ইণ্ডিয়াৰ মালিকিস্বত্ব লোৱা টাটা গ্রুপে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ পৰিয়ালবৰ্গলৈ এক কোটি টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
Site Admin | June 12, 2025 9:26 PM | Air India A1-171 Plane crash
আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ A1-171 দুর্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীৰ মৃত্যু ; এজন জীৱিত উদ্ধাৰ
