ডাউনলোড
মোবাইল এপ

android apple
signal

September 11, 2025 8:48 PM | BTC election

printer

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি ওদালগুৰি জিলাত ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জৌশাং বড়োৰ সমৰ্থনত ডিমাকুছিত নির্বাচনী সভাত অংশ লয়। ড০ শৰ্মাই তেওঁৰ ভাষণত এইবাৰ বিটিচিত বিজেপি চৰকাৰ গঠনত সহায় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। বিটিচিত শান্তি আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উগ্ৰপন্থী সমস্যাৰ সমাধান সম্ভৱ হৈছে বুলি উল্লেখ কৰি তেওঁ এই নিৰ্বাচনত বিজেপি জয়ী হ’লে নিবনুৱা সমস্যা সমাধানৰ উপৰি বিটিআৰত মানৱ সম্পদ সৃষ্টিৰ বাবে কাম কৰিব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কাইলৈ বিজেপিয়ে নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব বুলি ঘোষণা কৰে। ড০ শৰ্মাই তামুলপুৰ জিলাত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দেহাছাৰ নাৰ্জাৰীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশ লয়।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে চিৰাং জিলাৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ সমৰ্থনত প্ৰচাৰ অভিযানত অংশ লয়। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ লোকৰ মাজত শান্তিৰ বাতাৱৰণেৰে প্ৰগতি আৰু উন্নয়ন সম্ভৱ কৰি তুলিছে। বিটিআৰৰ সকলো জাতি-জনগোষ্ঠীৰ বিকাশৰ বাবে এইবাৰ বিজেপি দলৰ পৰিষদ গঠন কৰিব লাগিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
ইপিনে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি বিয়লি মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অবিনাশ ব্ৰহ্মৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। পানবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত নির্বাচনী সভাত গৌৰৱ গগৈয়ে এইবাৰ বিটিচিত কংগ্ৰেছৰ যুঁজ হ’ব বুলি উল্লেখ কৰি কয়, যে এই যুঁজ নৱপ্ৰজন্মৰ বাবে আৰু নিজৰ অধিকাৰৰ বাবে হ’ব।
বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সমৰ্থনত আজি এখন নির্বাচনী সভাত ভাগ লয়। কোকৰাঝাৰ জিলাৰ ছালাকাটি পৰিষদীয় সমষ্টিত আজি বিটিআৰৰ মুৰববী প্রমোদ বড়োৱে ইউ পি পি এলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ হৈ প্ৰচাৰ চলায়। তাৰ গুৰী খেলপথাৰত আয়োজিত প্ৰচাৰ সভাত প্ৰমোদ বড়োৱে ছালাকাটী সমষ্টিৰ ইউ পি পি এল নিশ্চিতভাৱে জয়ী হ’ব বুলি দাবী কৰি দলীয় কৰ্মীসকলক দিনে নিশাই কাম কৰিবলৈ আহ্বান জনায়।
বিটিচি নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে ওজৰ-আপত্তি নিষ্পত্তি প’ৰ্টেল মুকলি কৰিছে। জনসাধাৰণে আদর্শ নির্বাচনী আচৰণ বিধি উলংঘাৰ বিষয়ে ফটো অথবা ভিডিঅ’ প্ৰমাণসহ এই প’ৰ্টেলযোগে অৱগত কৰিব পাৰিব আৰু অভিযোগৰ স্থিতি সন্দৰ্ভত জানিব পাৰিব।