ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ শ্রীয়ান্সী বলিচেটিয়ৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল

আবুধাবিত চলি থকা আল আইন মাষ্টাৰ্ছ-২০২৫, বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ উদীয়মান খেলুৱৈ শ্রীয়ান্সী বলিচেটিয়ে মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্রতিদ্বন্দ্বী তাছনিমক ১৫-২১, ২২-২০ আৰু ২২-২০ গেমত পৰাস্ত কৰে। পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতীয় যুটী হৰিহৰণ আমছা কৰুণন আৰু অর্জুন মাদাখিল ৰামাচন্দ্ৰন ইন্দোনেছিয়াৰ ৰেমণ্ড ইন্দ্ৰ আৰু নিকোলাচ জোৱাকিনৰ মুখামুখি হ’ব।