ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত

অসমত হোৱা আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। কালি বিভাগীয় মন্ত্ৰী ৰণজিত কুমাৰ দাসে এই কথা জানিবলৈ দিয়ে। পশ্চিমবংগৰ আলুসমূহ অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা সন্দৰ্ভত দেখা দিয়া সমস্যাৰ ওৰ পেলাবলৈ কালি মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এখন সভাও অনুষ্ঠিত হয়। সভাত সংশ্লিষ্ট বিভাগীয় বিষয়াসকলৰ লগতে কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ বিষয়ববীয়া তথা আলু আৰু পিঁয়াজ ব্যৱসায়ী সংস্থা, কামৰূপ মহানগৰ জিলাৰ সভাপতি-সম্পাদকৰ সৈতে বিষয়টো সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পাইকাৰী ব্যৱসায়ীসকলৰ ওচৰত পৰ্যাপ্ত আলু মজুত থকা তথা পশ্চিমবংগৰ বাধা আঁতৰিলে বংগৰ আলু উচিত দামত বিক্ৰী কৰিব পৰা যাব বুলি আলু আৰু পিঁয়াজ ব্যৱসায়ী সংস্থাই তেওঁক জানিবলৈ দিছে।