কেন্দ্ৰীয় চৰকাৰে সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ ওপৰত থকা নিষেধাজ্ঞা ২০২৪ চনৰ ২৭ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰু ৫ বছৰৰ বাবে বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত অবৈধ কার্যকলাপ প্ৰতিৰোধ ট্রাইবুনেলে আলফা সংগঠনক অহা ৪ মাৰ্চৰ বিয়লি ৩ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰিছে। অবৈধ কার্যকলাপ প্ৰতিৰোধ ট্রাইবুনেলৰ পঞ্জীয়কে সংশ্লিষ্ট আইনৰ ৪-২ ধাৰাৰ অধীনত যোৱা ২৮ জানুৱাৰীত নিষিদ্ধ সংগঠনটোলৈ কাৰণ দশোৱাৰ জাননী জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমালৈ গঠিত ট্রাইবুনেলে কেন্দ্ৰীয় চৰকাৰৰ এই জাননী অনুসৰি আলফাক নিষিদ্ধ ঘোষিত সংগঠন হিচাপে গণ্য কৰি থকাৰ উপযুক্ত কাৰণ আছে নে নাই সেই কথা ৩০ দিনৰ ভিতৰত জনাবলৈ সংযুক্ত মুক্তিবাহনী, অসমলৈ জাননী জাৰি কৰিছে। এই জাননী সন্দৰ্ভত সংগঠনটোৱে ইয়াৰ স্থিতি জাননী লাভ কৰাৰ ৩০ দিনৰ ভিতৰত ট্ৰাইবুনেলৰ পঞ্জীয়কৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি ভৱনৰ কাৰ্যালয়লৈ পঠিয়াব পাৰিব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।
উল্লেখযোগ্য যে, নিষিদ্ধ ঘোষিত সংগঠন আলফাই ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰাৰ বাবে মুকলিকৈ দাবী কৰাৰ লগতে বলপূর্বকভাৱে সংগঠনটোৰ বাবে পুঁজি সংগ্ৰহ আৰু ভাবুকি প্ৰদান, আন বিচ্ছিন্নতাবাদী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা, অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ মজুত কৰা, ২০২৪ চনৰ স্বাধীনতা দিৱসৰ পূৰ্বে অসমৰ কেইবা ঠাইতো বোমা সংস্থাপন কৰা আৰু ২০১৯ চনৰ ২৭ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১ জুলাই পর্যন্ত সংগঠনটোৰ বিৰুদ্ধে ১৬টা অপৰাধমূলক গোচৰ ৰুজু হৈ থকাৰ বিষয়ে উল্লেখ কৰি যোৱাবছৰৰ ২৭ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে ভাৰত ৰাজপত্ৰ যোগে এখন অধিসূচনা জাৰি কৰি আলফাক আৰু পাঁচ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছিল।
Site Admin | February 3, 2025 6:55 PM | High Court - ULFA
আলফা সংগঠনক অহা ৪ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ হ’বলৈ অবৈধ কার্যকলাপ প্ৰতিৰোধ ট্রাইবুনেলৰ নিৰ্দেশ
