ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আয়াৰলেণ্ডৰ নতুন প্রধানমন্ত্ৰী হিচাপে ফিয়ানা ফইলৰ নেতা মিশ্বেল মাৰ্টিন নিৰ্বাচিত

আয়াৰলেণ্ডৰ নতুন প্রধানমন্ত্ৰী হিচাপে ফিয়ানা ফইলৰ নেতা মিশ্বেল মাৰ্টিন নিৰ্বাচিত হৈছে। দেশখনৰ নিম্ন সদন ডইলত কালি হোৱা ভোটগ্ৰহণৰ জৰিয়তে তেওঁ দ্বিতীয়বাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। দেশখনৰ দুটা অন্যতম ৰাজনৈতিক দল ফাইন গে’ল আৰু ফিয়ানা ফইলৰ সংযুক্ত মৰ্চাৰ লগতে একাংশ নিৰ্দলীয় সদস্যই তেওঁৰ পক্ষত ভোটদান কৰে। বিগত কাৰ্যকালৰ দ্বিতীয়ার্ধত ফাইন গেল দলৰ নেতৃত্বৰ হাতত দায়িত্ব অর্পণ কৰাৰ পূৰ্বে ৬৪ বছৰ বয়সীয়া মিশ্বেল মার্টিনে ২০২০ৰ পৰা ২০২২ চনলৈ দেশখনৰ প্ৰধানমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সহযোগী দল দুটাৰ মাজত সম্পাদিত চুক্তি অনুসৰি বিদায়ী প্রধানমন্ত্ৰী ছাইমন হেৰিছে ২০২৭ বৰ্ষত পুনৰ দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়াৰলেণ্ডৰ প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা মিশ্বেল মার্টিনক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে আয়াৰলেণ্ডৰ সৈতে দ্বিপাক্ষিক সম্পর্কক অধিক শক্তিশালী কৰি তোলাৰ বাবে একেলগে কাম কৰি যাবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। দুয়োখন দেশৰ মূল্যবোধ তথা জনসাধাৰণৰ মাজৰ পাৰস্পৰিক গভীৰ সম্পৰ্ক এই দ্বিপাক্ষিক সম্পৰ্কৰ মূল আধাৰ বুলি তেওঁ লগতে মত প্ৰকাশ কৰে।