ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আম আদমী পাৰ্টীৰ চৰকাৰৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগৰ প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ’ব বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিল্লীবাসীক নিশ্চিতি প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ সময়ত সংঘটিত বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগে প্ৰস্তুত কৰা প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ’ব বুলি দিল্লীবাসীক নিশ্চিতি দিছে। কালি বিজেপিয়ে নতুন দিল্লীত ৪৮ খন আসনত জয়লাভ কৰাৰ পিছতে দলৰ মুখ্য কাৰ্যালয়ত দলীয় সমর্থকক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰী গৰাকীয়ে এই প্রতিশ্রুতি দিয়ে। উল্লেখযোগ্য যে কেগৰ প্ৰতিবেদনত দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ বিসংগতিৰ বাবে ২০২৬ কোটি টকাৰ ৰাজহ লোকচান হোৱা বুলি প্ৰকাশ পাইছে। কেগৰ প্ৰতিবেদনত উল্লেখকৰা মতে দিল্লী চৰকাৰে আঁচনিখনৰ মূল লক্ষ্যৰ পৰা আঁতৰি গৈছিল। তদুপৰি, সুৰাৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে স্বচ্ছতাৰে কাম কৰা নাছিল। অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰতো বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ তথ্য কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।