ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 5, 2025 8:36 PM | PM Meeting

printer

আম আদমী পার্টী শাসনাধিস্থিত দিল্লী চৰকাৰে এটা দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়েই অপচয় কৰিলে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিযোগ উত্থাপন

আম আদমী পার্টী শাসনাধিস্থিত দিল্লী চৰকাৰে এটা দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়েই অপচয় কৰিলে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰিছে। শ্ৰীমোদীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনত ভৱিষ্যতৰ মহানগৰী হিচাপে পৰিৱৰ্তন কৰিবলৈ বিজেপিক এটা সুযোগ প্ৰদান কৰাৰ বাবে দিল্লীৰ জনসাধাৰণক আহ্বান জনায়। নতুন দিল্লীৰ ৰোহিনীৰ জাপানীজ পাৰ্কত এটা ৰেলীত ভাষণ দি শ্রীমোদীয়ে কয়, যে পৰৱৰ্তী ২৫ বছৰ দিল্লীৰ উন্নয়নৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ কয়, যে আহিবলগীয়া এই ২৫ টা বছৰে দেশক বিকশিত ৰাষ্ট্ৰলৈ উন্নীত হোৱাটো প্ৰত্যক্ষ কৰিব । প্রধানমন্ত্রীয়ে দিল্লীক বিকশিত ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী হিচাপে বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয়, যে যোৱা বছৰ দিল্লীৰ সুৰক্ষা, স্বাস্থ্যসেৱা আৰু বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে ৭৫ হাজাৰ কোটিৰো অধিক টকা আৱণ্টন দিছে। শ্রীমোদীয়ে কয়, যে দিল্লীক দেশৰ চহকী ঐতিহ্য প্ৰতিফলিত কৰা  এখন ৰাজধানীলৈ পৰিৱৰ্তন কৰাটোৱেই ইয়াৰ লক্ষ্য। তেওঁ কয়, যে দিল্লীক চহৰ অঞ্চলৰ বিকাশৰ এনে এটা আৰ্হিৰ প্রয়োজন যিয়ে সমগ্ৰ বিশ্বৰ বাবে এটা উদাহৰণ হ’ব পাৰে। শ্ৰীমোদীয়ে কয়, যে বিজেপিক ৰাজ্য আৰু কেন্দ্ৰ উভয়তে শাসনৰ সুযোগ প্ৰদান কৰিলেহে এয়া সম্ভৱ হ’ব। দিল্লীত বিগত ১০ বছৰত ৰাজ্য চৰকাৰে যিধৰণে কাম কৰিছে সেয়া সম্পূৰ্ণ আদর্শহীন আৰু কোনো দুৰ্যোগতকৈ কম নহয় বুলি শ্রীমোদীয়ে মন্তব্য কৰে। তেওঁ কয়, যে বর্তমান দিল্লীৰ জনসাধাৰণে এই কথা বাৰুকৈয়ে উপলব্ধি কৰিছে আৰু তেওঁলোকে ইয়াৰ পৰিৱৰ্তনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, যে বর্তমান দিল্লীয়ে বিকাশৰ ঢৌ চাব বিচাৰে আৰু ৰাষ্ট্ৰীয় ৰাজধানীখনৰ জনসাধাৰণে বিজেপিৰ ওপৰত সম্পূৰ্ণ আস্থা আছে যিয়ে সুশাসনৰ জৰিয়তে সেৱাৰ মনোবৃত্তিৰে তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ হকে কাম কৰি আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।