ডাউনলোড
মোবাইল এপ

android apple
signal

আম্মানৰ পৰা নতুন দিল্লীলৈ চলাচল কৰা বিমানত ইজৰাইলৰ পৰা গৃহমুখী শ্ৰীলংকাৰ নাগৰিকৰ বাবেও আসনৰ ব্যৱস্থা

আঞ্চলিক সহযোগিতাৰ নিদৰ্শনস্বৰূপে ভাৰতে আম্মানৰ পৰা নতুন দিল্লীলৈ চলাচল কৰা বিমানত ইজৰাইলৰ পৰা ঘৰলৈ উভতি আহিব বিচৰা শ্ৰীলংকাৰ নাগৰিকৰ বাবেও আসনৰ ব্যৱস্থা কৰিছে। ইজৰাইলত অৱস্থিত শ্ৰীলংকাৰ দূতাবাসে এই কথা সদৰি কৰিছে। তেল আভিভৰ পৰা আম্মানলৈ যাত্ৰীসকল অহাৰ বাবে বিনামূলীয়া পৰিবহণৰ ব্যৱস্থাৰ লগতে দিল্লীলৈ বিমানৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীৰ পৰা কলম্বোলৈ যোৱা বিমানৰ ব্যৱস্থা নিজে কৰিব লাগিব। ইয়াৰ বাবে ইজৰাইলত থকা শ্ৰীলংকাৰ দূতাবাসত আজি আৰু কাইলৈ পঞ্জীয়ন মুকলি ৰখা হৈছে। ইজৰাইলত থকা শ্ৰীলংকাৰ ৰাষ্ট্রদূত নিমল বান্দাৰাই শ্ৰীলংকাৰ নাগৰিকসকলক সাম্প্ৰতিক যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইজৰাইল চৰকাৰে জাৰি কৰা সুৰক্ষা সম্পৰ্কীয় নীতি-নির্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ কৰিছে। শ্ৰীলংকাৰ ৰাষ্ট্রদূতগৰাকীয়ে ইজৰাইলী বাহিনীৰ লগত আমেৰিকান বাহিনীয়েও সন্মিলিত আক্রমণ চলোৱাৰ পৰিপ্ৰেক্ষিতত ইৰান অধিক আক্রমণাত্মক হোৱাৰ আশংকা প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে অপাৰেচন সিন্ধুৰ জৰিয়তে শ্রীলংকা আৰু নেপালৰ নাগৰিকসকলক ইজৰাইলৰ পৰা ঘৰলৈ উভতি অহাৰ ক্ষেত্ৰত সহায় সমর্থন আগবঢ়াই আহিছে। এই পদক্ষেপে দুৰ্যোগৰ সময়ত আঞ্চলিক সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰতিপন্ন কৰিছে।

অধিক পঢ়ক

সকলো চাওক