January 9, 2026 8:20 PM | India-US MoU

printer

আমেৰিকা যুক্তৰাষ্ট্ৰ-ভাৰতৰ উমৈহতীয়াভাৱে সুবিধাজনক বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰত দুয়োখন দেশে উমৈহতীয়াভাৱে সুবিধাজনক বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰা বুলি সদৰি কৰিছে। আজি বিয়লি নতুন দিল্লীত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে বিগত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক বাণিজ্যিক চুক্তিত উপনীত হোৱাৰ বাবে দুয়োখন দেশে আগ্রহ প্রকাশ কৰিছিল। তেওঁ লগতে কয় যে সেই সময়ৰ পৰা দুয়োখন দেশেই পৰস্পৰক উপকৃত কৰিব পৰা বাণিজ্যিক চুক্তিত উপনীত হোৱাৰ উদ্দেশ্যে কেইবাবাৰো আলোচনাত মিলিত হৈছে। মুখপাত্ৰগৰাকীয়ে কয় যে বিগত বৰ্ষত ডনাল্ড ট্রাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাবাৰো টেলিফোনিক বার্তালপত মিলিত হৈছিল। ৰাষ্ট্ৰসংঘৰ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় গোট তথা সংস্থাৰ সদস্যপদ প্রত্যাহাৰ কৰাৰ বিষয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা ঘোষণা সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে বহুপাক্ষিকতাবাদৰ হকে মত প্রকাশ কৰে। আলোচনাৰ মাধ্যমেৰে তথা দেশসমূহৰ সহযোগিতাৰ জৰিয়তে আন্তর্জাতিক সমস্যাসমূহ সমাধান কৰাৰ হকে দেশে মত প্রকাশ কৰি আহিছে। ৰাছিয়াৰ পৰা তেল ক্রয় কৰা দেশসমূহৰ ক্ষেত্ৰত কৰ বৃদ্ধি কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছে শেহতীয়াকৈ উত্থাপন কৰা বিধেয়ক সন্দৰ্ভত মুখপাত্রগৰাকীয়ে কয় যে নতুন দিল্লীয়ে এই সন্দর্ভত সকলো শেহতীয়া তথ্যৰ বুজ লৈ আছে। ভাৰতে সদায় আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিৱৰ্তনশীল বাতাবৰণ অনুসৰি পদক্ষেপ লয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন উৎসৰ পৰা ভাৰতে ১৪০ কোটি জনসাধাৰণৰ প্ৰয়োজন পূৰ কৰি আহিছে। ছক্‌গম উপত্যকা ভাৰতৰ অংশ বুলি উল্লেখ কৰি তেওঁ কয় যে ১৯৬৩ চনত চীন আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত তথাকথিত সীমাৰ চুক্তিক ভাৰতে কেতিয়াও স্বীকৃতি দিয়া নাই। জম্মু-কাশ্মীৰ আৰু লাডাখ দেশৰ অবিচ্ছেদ্য অংগ বুলি তেওঁ দোহাৰে। দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াৰ হকে দেশে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। টাইৱানৰ সমীপত চীনৰ সামৰিক বাহিনীৰ কুচকাৱাজ সন্দৰ্ভত তেওঁ কয় যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰিস্থিতি দেশে নিবিড়ভাবে নিৰীক্ষণ কৰিছে। বাংলাদেশৰ সংখ্যালঘু সন্দৰ্ভত শ্রীজয়ছবালে কয় যে দেশখনৰ সংখ্যালঘু সম্প্রদায়ৰ বাসগৃহ তথা বাণিজ্যিক প্রতিষ্ঠানসমূহত দুর্বৃত্তই বাৰে বাৰে আক্ৰমণ চলাই থকা পৰিলক্ষিত হৈছে। এনে ধৰণৰ সাম্প্রদায়িক আক্ৰমণৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰা উচিত বুলি তেওঁ মত প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।