ডাউনলোড
মোবাইল এপ

android apple
signal

August 10, 2025 11:29 AM | USA-Russia

printer

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত ১৫ আগষ্টত আলাস্কাত হ’বলগীয়া আলোচনাৰ প্ৰতি ভাৰতৰ আদৰণি

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত অহা ১৫ আগষ্টত আলাস্কাত হ’বলগীয়া আলোচনাৰ প্ৰতি ভাৰতে আদৰণি জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এটা বিবৃতি যোগে কৈছে যে এই বৈঠকে ইউক্রেইনৰ বৰ্তমানৰ সংঘৰ্ষৰ অৱসানৰ প্ৰতিশ্ৰুতি আৰু শান্তিৰ সম্ভাৱনা কঢ়িয়াই আনিছে। বিবৃতিটোত লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উপলক্ষত বর্তমান যুদ্ধৰ সময় নহয় বুলি কোৱা বুলি উল্লেখ কৰা হৈছে। ভাৰতে দুয়োখন দেশৰ মাজত হ’বলগীয়া আলোচনা আৰু শান্তি স্থাপনৰ যিকোনো প্ৰচেষ্টাৰ সমৰ্থন কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰিছে ৷