December 27, 2024 7:09 PM | India-America

printer

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদিশিক সচিব এণ্টনী ক্লিনকেনৰ সৈতে মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৱাছিংটন ডি চিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদিশিক সচিব এণ্টনী ক্লিনকেনৰ সৈতে বৈঠকত মিলিত হয়। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে, বৈঠকত বিগত ৪ বছৰত দুয়ো দেশৰ মাজৰ সহযোগিতাৰ প্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ দেশ দুখনৰ পাৰস্পৰিক স্বাৰ্থৰ লগতে বিশ্বৰ হিত সাধন কৰিব বুলি বিদেশ মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।