March 14, 2025 8:31 PM | Piyush Meet

printer

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক প্ৰতিনিধি জেমিছন গ্ৰীৰ সৈতে মন্ত্রী পীযুষ গোৱেলৰ আলোচনা

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক প্ৰতিনিধি জেমিছন গ্ৰীৰ সৈতে পাৰস্পৰিক লাভজনক দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ভৱিষ্যৎ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীগোৱেলে কয় যে চৰকাৰে ভাৰত প্ৰথম, বিকশিত ভাৰত আৰু সামগ্রিক কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত দিক্-নিৰ্দেশনা দিব।
বিগত সপ্তাহত মন্ত্ৰী গোৱেলে ৱাশ্বিংটন ভ্ৰমণ কৰি তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিপক্ষৰ সৈতে বাণিজ্য সন্দৰ্ভত এখন আলোচনাত ভাগ লৈছিল। ভাৰত আৰু আমেৰিকাই দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ বুজাবুজিৰ পৰিকল্পনা কৰাৰ বাবে এই আলোচনাই তাৎপর্য বহন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।