আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রীৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোৱানিশা ৱাশ্বিংটন ডি চিৰ পেণ্টাগণত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী লয়ড আষ্টিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে উদ্যোগিক সহযোগিতা, প্ৰতিৰক্ষা সহযোগিতা, আঞ্চলিক সুৰক্ষা আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ বিশদভাৱে আলোচনা কৰে। বৈঠকত শ্রীসিঙে যোৱাবছৰ গ্ৰহণ কৰা ভাৰত-আমেৰিকা প্ৰতিৰক্ষা উদ্যোগিক সহযোগিতা পৰিকল্পনাত চিনাক্ত কৰা ক্ষেত্ৰসমূহত ভাৰতত সহ বিকাশ আৰু সহ উৎপাদনৰ বিভিন্ন সুযোগ সম্পর্কে আলোকপাত কৰে। দুয়োগৰাকী মন্ত্ৰী ভাৰত আৰু আমেৰিকাৰ মাজত সম্পাদিত সুৰক্ষা যোগান ব্যৱস্থা চুক্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। ৱাশ্বিংটন ডি চিত বৃহস্পতিবাৰে সম্পাদিত এই চুক্তিখনে দুয়োখন দেশৰ প্ৰতিৰক্ষা, উদ্যোগিক তন্ত্ৰক একেলগে কাম কৰিবলৈ উৎসাহ যোগাব আৰু যোদান শৃংখলাৰ স্থিতিস্থাপকতা গুণ বৃদ্ধি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে কৈছে যে, ভাৰত আৰু আমেৰিকা উভয় দেশে যোগাযোগ বিষয়াৰ নিযুক্তি সম্পৰ্কীয় চুক্তি সম্পাদনৰ প্ৰতি আদৰণি জনাইছে। সেই চুক্তি অনুসৰি ভাৰতে আমেৰিকাত ফ্লৰিডাৰ বিশেষ সঞ্চালন কামাণ্ড সদৰ কাৰ্যালয়ত প্ৰথমগৰাকী যোগাযোগ বিষয়া নিয়োগ কৰিব। প্ৰতিৰক্ষা মন্ত্রীদ্বয়ে লগতে কোৱাৰ্ড ৰাষ্ট্ৰগোষ্ঠীৰ উদ্যমৰ অংশ হিচাপে গ্ৰহণ কৰা ভাৰত প্ৰশান্ত মহাসাগৰীয় সজাগতা কাৰ্যসূচীৰ অগ্ৰগতিৰ আৰু ভাৰত মহাসাগৰ অঞ্চলত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতে চলোৱা প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে সংযুক্ত সামুদ্রিক বাহিনীত ভাৰতৰ অংশগ্ৰহণৰ প্ৰতি আদৰণি জনাই আৰু ভাৰতে ২০২৫ বৰ্ষত সংযুক্ত সামুদ্রিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সৈনিক নিয়োজিত কৰিব বুলি প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী লয়ড আষ্টিনে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আহিলাপাতিৰ উৎপাদনৰ প্ৰসাৰৰ হকে অনুকূল তন্ত্র স্থাপনৰ প্ৰয়াসৰো প্ৰশংসা কৰে।