আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু তেওঁৰ পৰিয়ালে আজি ৰাজস্থানৰ জয়পুৰৰ অম্বৰ দুৰ্গ পৰিদৰ্শন কৰে। মুখ্যমন্ত্রী ভজনলাল শৰ্মা আৰু উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীয়ে শ্ৰী ভান্সক অম্বৰ দুৰ্গত সাক্ষাৎ কৰি অভিবাদন জনায়। তিনিদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা জয়পুৰত উপস্থিত হোৱা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ ভাৰতীয় মূলৰ পত্নী ঊষা ভান্স আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগতে দেশখনৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ এটা দল ভাৰতলৈ আহিছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজি বিয়লিৰ ভাগত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক সম্পৰ্কৰ ভৱিষ্যত সন্দৰ্ভত এখন বাণিজ্যিক সন্মিলনত অংশ ল’ব।
Site Admin | April 22, 2025 3:20 PM | Akashvani News | US Vice President JD Vance
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স আৰু তেওঁৰ পৰিয়ালৰ ৰাজস্থানৰ জয়পুৰৰ অম্বৰ দুৰ্গ পৰিদৰ্শন
