January 18, 2026 8:43 PM | European Union

printer

আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰীণলেণ্ড অধিগ্রহণৰ সম্ভাৱনা সন্দৰ্ভত ব্রুচেলছত ইউৰোপীয় সংঘ জৰুৰী বৈঠক

আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰীণলেণ্ড অধিগ্রহণ কৰাৰ সম্ভাৱনা সন্দৰ্ভত বিৰোধিতা কৰা ৮ খন ইউৰোপীয় দেশৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে কৰ আৰোপ কৰাৰ বিষয়ে ঘোষণা কৰাৰ পাছত আজি ব্রুচেলছত এখন জৰুৰী বৈঠক আয়োজন কৰাৰ বাবে ইউৰোপীয় সংঘ সাজু হৈছে। ইউৰোপীয় সংঘৰ ২৭ খন সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে এই সন্দৰ্ভত আলোচনা কৰিব। ট্রাম্পে সামাজিক মাধ্যমৰ জৰিয়তে প্রকাশ কৰে যে, অহা পহিলা ফেব্ৰুৱাৰীৰ পৰা ফিনলেণ্ড, নেডাৰলেণ্ডছ, ব্রিটেইন, জার্মানী, ফ্রান্স, ছুইডেন, নৰৱে আৰু ডেনমার্কৰ ক্ষেত্ৰত ১০ শতাংশ কৰ বলবৎ হ’ব। অহা পহিলা জুনৰ পৰা এই কৰৰ হাৰ ২৫ শতাংশলৈ বৃদ্ধি হ’ব বুলি প্ৰকাশ কৰি তেওঁ কয়, যে আমেৰিকাই যুক্তৰাষ্ট্ৰই গ্রীণলেণ্ড ক্রয় নকৰালৈকে এই কৰ বাহাল থাকিব। ট্রাম্পে গ্ৰীণলেণ্ডৰ ভৌগোলিক অবস্থানৰ কৌশলগত গুৰুত্ব তথা দেশখনৰ ঐশ্চৰ্য্যশালী খনিজ সম্পদৰ বিষয়েও অলপতে উল্লেখ কৰিছিল। ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে এই পদক্ষেপক সম্পূর্ণ ভুল আখ্যা দিয়াৰ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র’য়ো এয়া গ্রহণযোগ্য নহয় বুলি প্রকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।