January 14, 2026 11:44 AM | India-America

printer

আমেৰিকাৰ বিদেশ সচিব মার্কো ৰুবিঅ’ৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰৰ টেলিফোনিক বার্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে কালি আমেৰিকাৰ বিদেশ সচিব মার্কো ৰুবিঅ’ৰ সৈতে টেলিফোনিক বার্তালাপত বাণিজ্য, গুৰুত্বপূৰ্ণ খনিজ পদার্থ, পাৰমাণৱিক শক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতত আমেৰিকাৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে বাণিজ্য বিষয়ত দুয়োপক্ষৰ মাজত যোগাযোগ হ’ব বুলি কোৱাৰ এদিন পিছতে দুয়ো জন নেতাৰ মাজত এই বার্তালাপ সম্পন্ন হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ শ্ৰী ৰুবিঅ’ৰ সৈতে ভাল দৰে কথা-বতৰা পাতে আৰু তেওঁলোকে নিয়মীয়া যোগাযোগত থাকিবলৈ সন্মতি প্ৰকাশ কৰে। সমাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয় যে তেওঁ আমেৰিকাৰ বিদেশ সচিব মার্কো ৰুবিঅ’ৰ সৈতে এক সৌহার্দ্যপূৰ্ণ কথা-বতৰাৰ সামৰণি মাৰিলে। তেঁওলোকে বাণিজ্য, জটিল খনিজ, পাৰমাণৱিক সহযোগিতা, প্ৰতিৰক্ষা আৰু শক্তিৰ বিষয়ে আলোচনা কৰে। তেওঁ কয়, দুয়োৱে এইবোৰ আৰু অন্যান্য বিষয়ত যোগাযোগ ৰাখিবলৈও সন্মত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।