আমেৰিকাৰ প্রকল্প বিশেষজ্ঞ হিচাপে কৰ্মৰত অসমৰ আয়ুস্মিতা ডেকাক প্রধানমন্ত্রী নৰেন্দ্র মোদীৰে মত বিনিময়

আমেৰিকাৰ AVIATION AT CORGAN IN CORPORTION-ত প্রকল্প বিশেষজ্ঞ হিচাপে কৰ্মৰত অসমৰ জীয়ৰী আয়ুস্মিতা ডেকাক কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন দিল্লীৰ বাসভৱনলৈ আমন্ত্ৰণ কৰি মত বিনিময় কৰে। আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী আয়ুস্মিতা ডেকাৰ সৈতে প্রধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ বিমান বন্দৰৰ লগত জড়িত বিভিন্ন প্রকল্পৰ বিষয়ে আলোচনা কৰে। প্রধানমন্ত্রীগৰাকীয়ে লগতে বিমান বন্দৰৰ নিৰ্মাণ, আমেৰিকাত থকা ভাৰতীয়ৰ সমস্যাৰ বিষয়েও ডেকাৰ সৈতে আলোচনা কৰে। উল্লেখযোগ্য যে স্থপতিবিদ আয়ুস্মিতা ডেকা আমেৰিকাৰ হিউষ্টন বিমান বন্দৰ, ইউ এছ ভার্জিন আইছলেও বিমান বন্দৰ প্ৰকল্পৰ সৈতে জড়িত হৈ আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।