আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰিপ্ৰেক্ষিতত যান-বাহন চলাচলৰ ক্ষেত্ৰত মহানগৰ আৰক্ষীৰ নীতি নিৰ্দেশনা জাৰি

গুৱাহাটীত কাইলৈ হ’বলগীয়া প্ৰখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত যান-বাহন ৰখোৱাত বাধা আৰোপ কৰাৰ লগতে বেলতলা, ছয়মাইল আৰু খানাপাৰাৰ আশে-পাশে যান-বাহন ৰখোৱাৰ বাবে আৰক্ষীয়ে সু-নির্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মহানগৰ আৰক্ষীয়ে কালি সংবাদমেলত উল্লেখ কৰে। জনসাধাৰণৰ সুৰক্ষা আৰু মহানগৰীখনৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত অসুবিধা হ্ৰাস কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে।