আমিনগাঁৱত আজিৰে পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ, নেপালৰ বিৰুদ্ধে জয়েৰে ভাৰতৰ অভিযান আৰম্ভ

গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনৰ প্ৰথম দিনাই আয়োজক দেশ ভাৰতে নেপালৰ বিৰুদ্ধে জয়েৰে অভিযান আৰম্ভ কৰিছে। কাইলৈ ভাৰতে শ্রীলংকাৰ বিৰুদ্ধে খেলিব। পৰৱৰ্তী ৰাউণ্ডত ভাৰত ১৪ বাৰৰ চেম্পিয়ন চীন অথবা বেডমিণ্টনৰ অন্যতম শক্তিশালী দেশ জাপান, থাইলেণ্ড বা ইণ্ডোনেছিয়াৰ মুখামুখি হ’ব। উল্লেখযোগ্য যে, ১৭ বছৰৰ পাছত ভাৰতত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্রতিযোগিতাত চীন, জাপান, ছিংগাপুৰ, ফিলিপিন্স, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফ্রান্স, নেডাৰলেণ্ডছ, অস্ট্রেলিয়া, কানাডা আৰু ডেনমার্ককে ধৰি ৪৩ খন দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে অংশ লৈছে। প্রতিযোগিতাৰ বাবে ইতিমধ্যে ৯ খন বেডমিন্টন ক’ৰ্ট সাজু কৰি তোলা হৈছে। অহা ১৯ অক্টোবৰত এই প্রতিযোগিতাৰ সামৰণি পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।