ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আফ্রিকা মহাদেশৰ দুখন ৰাষ্ট্ৰ ভ্ৰমণৰ উদ্দেশ্যে ৰাওনা হোৱা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলাত উপস্থিত

আফ্রিকা মহাদেশৰ দুখন ৰাষ্ট্ৰ ভ্ৰমণৰ উদ্দেশ্যে ৰাওনা হোৱা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু কালি এংগোলাত উপস্থিত হয়। শ্রীমতী মুৰ্মৱে যাত্ৰা কৰা বিমানখন যোৱা নিশা এংগোলাৰ ৰাজধানী লোৱান্দাত অৱতৰন কৰে। এয়া হৈছে এংগোলালৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো আনুষ্ঠানিক ভ্রমণ। এংগোলাৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৪০ বছৰ পূৰ্তি উদযাপন কৰাৰ অর্থে ৰাষ্ট্ৰপতি শ্রীমতী মুর্মু দেশখনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ এই সময়ছোৱাতে দুয়োখন দেশৰ মাজত দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক সম্পন্ন হ’ব। ইয়াৰ পূৰ্বে মে মাহত এংগোলাৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰত ভ্ৰমণলৈ আহিছিল। আজি লোৱান্দাত অবস্থিত ৰাষ্ট্রপতি ভবনত শ্রীমতী দ্রৌপদী মুর্মু আৰু দেশখনৰ ৰাষ্ট্ৰপতি জোৱাও মেনুবেল গনকলভ লৰেনকোৰ সৈতে আলোচনাত মিলিত হ’ব। এই বৈঠকতে দুয়োখন দেশৰ মাজত পাৰস্পৰিক স্বার্থ জড়িত বিষয়সমূহৰ ক্ষেত্ৰত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। বাষ্ট্রপতি শ্রীমতী মুর্মুৱে এংগোলাত অহা মঙলবাৰলৈ থাকিব আৰু দেশখনৰ ৫০ বছৰীয়া স্বাধীনতা দিবস উদযাপন কার্যসূচীত ভাগ ল’ব। তেওঁ এংগোলাৰ সদনত ভাষণ দিয়াৰ লগতে দেশখনত থকা প্রবাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিব।

ইয়াৰ পাছতে ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে বটছোৱানা ভ্ৰমণ কৰিব। বটছোৱানাৰা ৰাষ্ট্ৰপতি ডুমা বকোৰ সৈতে দ্বিপাক্ষিক বিষয়ত ৰাষ্ট্ৰপতি শ্রীমতী মুমুৱে বাৰ্তালাপ কৰিব। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দেশ দুখনৰ মাজত বাণিজ্য, বিনিয়োগ, প্রযুক্তি, শক্তি, কৃষি, স্বাস্থ্য, ফার্মাচিউটিকেল, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পর্ক আদি একাধিক বিষয় সন্দৰ্ভত আলোচনা কৰিব।

উল্লেখযোগ্য যে শ্রী দ্রৌপদী মুর্মুৱে হ’ব আফ্রিকান দেশ দুখনলৈ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতি। ভাৰতে গোলকীয় দক্ষিণত শক্তিশালী অংশীদাৰিত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই ভ্রমণে অৰিহণা আগবঢ়াব।