আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিক কঠোৰভাৱে নিৰীক্ষণ ভাৰতৰ

● ভাৰতে আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতিক কঠোৰভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে নতুন দিল্লীত কালি সাংবাদিকৰ আগত কয়, যে পাকিস্তানে সন্ত্রাসবাদী সংগঠন আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পোষকতা কৰাতো স্পষ্ট হৈ পৰিছে। আভ্যন্তৰীন বিফলতাৰ বাবে নিজৰ চুবুৰীয়া ৰাষ্ট্ৰক দোষাৰোপ কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে আফগানিস্তানে নিজৰ ঠাইসমূহত সাৰ্বভৌমত্ব বিচৰাৰ কাৰ্যত পাকিস্তান অসন্তুষ্ট হৈ পৰিছে। ইয়াৰ বিপৰীতে আফগানিস্তানৰ সাৰ্বভৌমত্ব, আঞ্চলিক অখণ্ডতা তথা স্বাধীনতাৰ প্ৰতি ভাৰতৰ পূৰ্ণ সমর্থন আছে বুলি শ্ৰীজয়ছোৱালে প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।