● আফগানিস্তানৰ জালালাবাদ নগৰৰ সমীপৰ কুনাৰ প্ৰদেশত কালি হোৱা এটা ভূমিকম্পত কমেও ২৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০০ জন লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক সমীক্ষা মতে ৰিখাৰ স্কেলত ৬ প্রাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ নানগাৰহাৰ প্ৰদেশৰ জালালাবাদ নগৰৰ ২৭ কিলোমিটাৰ পূব-উত্তৰ-পূবত বুলি কোৱা হৈছে। কুনাৰ দুৰ্যোগ্য ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে নুৰ্গুল, চোকী, ৱাতপুৰ, মানোগি আৰু চানাডাৰা জিলাত কমেও ২৩০ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৫০০ জন আহত হৈছে। পাকিস্তান আৰু ভাৰতৰ ৰাজধানী দিল্লীৰ লগতে উত্তৰ-ভাৰতৰ বহু ঠাইত এই জোকাৰণি অনুভূত হয় ৷
Site Admin | September 1, 2025 2:55 PM | Afganistan | Akashvani | Akashvani News | earthquake
আফগানিস্তানৰ কুনাৰ প্ৰদেশত ভূমিকম্পত কমেও ২৩০ জন লোকৰ মৃত্যু
