আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাত সহায় কৰাৰ উদ্দেশ্যে ভাৰতে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য আগবঢ়াইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে আজি কয় যে ভাৰতে কাবুললৈ ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ ৬৩ হাজাৰ ৭০০ৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰিছে। শ্ৰীজয়ছোৱালে সামাজিক মাধ্যমযোগে কয় যে আফগানিস্তানৰ জনস্বাস্থ্য ব্যৱস্থালৈ সহায় আগবঢ়াবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বে যোৱা ২৮ নৱেম্বৰত ভাৰতে আফগানিস্তানৰ তাৎক্ষণিক চিকিৎসা আৱশ্যকতা পূৰণৰ উদ্দেশ্যে কাবুললৈ ৭৩ টন জীৱনদক্ষী ঔষধ, প্ৰতিষেধক আৰু আৱশ্যকীয় পৰিপূৰক প্ৰেৰণ কৰিছিল৷
Site Admin | December 4, 2025 7:59 PM | Afganistahn | Akashvani | Akashvani News
আফগানিস্তানত ইনফ্লুয়েঞ্জা আৰু মেনিনজাইটিছৰ প্ৰাদুৰ্ভাৱ ৰোধৰ উদ্দেশ্যে দেশখনলৈ প্ৰয়োজনীয় স্বাস্থ্য যতন সাহায্য ভাৰতৰ