ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আফগানিস্তানক গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱা বুলি সকিয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ

● আফগানিস্তানত ২ কোটি ২০ লাখ লোকক সম্প্ৰতি সাহায্যৰ প্ৰয়োজন হোৱাৰ বিষয়ে উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই দেশখন গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱা বুলি সকিয়াই দিছে। সংস্থাটোৱে শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰা মতে পুঁজিৰ সংকটৰ ফলস্বৰূপে দেশখনত স্বাস্থ্য প্রতিষ্ঠান বন্ধ কৰি দিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। তদুপৰি, ব্যাপক হাৰত শৰণাৰ্থী প্ৰত্যাৱৰ্তনৰ ফলত স্বাস্থ্য খণ্ডত গুৰুতৰ সংকটে দেখা দিছে বুলিও এই প্রতিবেদনত প্ৰকাশ পাইছে।

চলিত বৰ্ষত আফগানিস্তানৰ ১ কোটি ৬০ লাখতকৈও অধিক লোকক জীৱন ৰক্ষামূলক সহায়ৰ প্রয়োজন হোৱা বুলি উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই কয় যে এই বৃহৎ সংখ্যক লোকৰ মাত্র ২৪ শতাংশৰ প্রয়োজন পূৰণ কৰিব পৰাকৈহে পুঁজিৰ যোগান বৰ্তমানলৈ নিশ্চিত হৈছে। গুৰুতৰ ধৰণৰ সংকটৰ সন্মুখীন হোৱা বৃহৎ সংখ্যক লোক প্রয়োজনীয় সাহায্য তথা আপডালৰ পৰা বঞ্চিত হোৱা বুলি উল্লেখ কৰি সংস্থাটোৱে লগতে কয় যে পুঁজিৰ এই অভাৱৰ ফলত মহিলা আৰু শিশুসকল অধিক পৰিমাণে প্ৰভাৱিত হৈছে। ইতিপূর্বে বিবধস্ত হৈছে পৰা দেশখনৰ সমস্যা তথা অস্থিৰতাই অধিক গুৰুতৰ ৰূপ ধাৰণ কৰাটোক প্রতিহত কৰাৰ বাবে সাহায্যৰ পৰিমাণ বৃদ্ধি কৰিবলৈ সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।