ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আপ দলৰ কৰ্মীক আক্ৰমণৰ অভিযোগ তুলি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ মুখ্য নির্বাচনী বিষয়ালৈ পত্র

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ সামৰণিৰ দিব চমু চাপি অহাৰ লগে লগে ৰাজনৈতিকত দলসমূহে ভোটদাতাসকলৰ মন জয়কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্য নির্বাচনী বিষয়ালৈ এখন পত্র লিখি বিজেপি কর্মকর্তা তথা দিল্লী আৰক্ষী বিষয়াৰ বিৰুদ্ধে আপ দলৰ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ তুলি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সংবাদ মাধ্যমৰ আগত কেজৰিৱালে নতুন দিল্লীৰ আপ দলৰ কর্মকর্তাসকলক বিজেপি কৰ্মকৰ্তাই হাৰাশাস্তি কৰাৰ অভিযোগ তোলে।

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা এটা বিশেষ কাৰ্যসূচীত ভাগ লয়। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, যে নতুন দিল্লীৰ সমন্বয়, সংস্কৃতি তথা ঐতিহাসিক পৰম্পৰা পুনৰ জাগ্ৰত হ’বই লাগিব। তেওঁ লগতে দিল্লীবাসীয়ে অঞ্চলটোৰ উন্নয়নৰ বাবে বিজেপিক ভোটদান কৰিবলৈ সিদ্ধান্ত লোৱা বুলিও উল্লেখ কৰে।
উল্লেখযোগ্য যে ৭০ জনীয়া দিল্লী বিধানসভা নির্বাচন অহা বুধবাৰে অনুষ্ঠিত হ’ব। অহা ৮ ফেব্ৰুৱাৰীত ভোটগণনা অনুষ্ঠিত হ’ব।