ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

‘‘আনৰ ওপৰত নিৰ্ভৰশীলতাই যাতে দেশক বাধাগ্ৰস্ত নকৰে আৰু নিজৰ মতে কাম কৰিবলৈ দেশক সমৰ্থ কৰি তোলে’’-ড° মোহন ভাগৱত

● ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, আৰ এছ এছৰ সংঘচালক ড° মোহন ভাগৱতে আজি কয়, যে ভাৰত আত্মনিৰ্ভৰ আৰু বিশ্ব সংহতিৰ দূত হ’বলৈ হ’লে দেশখনে নিশ্চিত কৰিব লাগিব যে আনৰ ওপৰত নিৰ্ভৰশীলতাই যাতে দেশক বাধাগ্ৰস্ত নকৰে আৰু নিজৰ মতে কাম কৰিবলৈ দেশক সমৰ্থ কৰি তোলে। স্বদেশী আৰু স্বাৱলম্বনৰ বিকল্প নাই বুলি উল্লেখ কৰি শ্রীভাগৱতে কয়, যে একেসময়তে দেশৱাসীয়ে আন্তর্জাতিক আৰু বাণিজ্য সম্পর্ক অটুত ৰাখিব লাগিব, কাৰণ কোনো দেশেই অকলশৰীয়াকৈ থাকিব নোৱাৰে ।

আৰ এছ এছৰ শতবৰ্ষ উদযাপন আৰু বিজয়া দশমী উৎসৱত অংশগ্ৰহণ কৰি ড° ভাগৱতে এইদৰে কয়। নাগপুৰৰ ৰেচিমবাগত আজি পুৱা অনুষ্ঠিত বিজয়া দশমী উৎসৱত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ড° ভাগৱতে কয়, যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰৱৰ্তী সময়ত দেশৱাসীয়ে দেশৰ নেতাসকলৰ শক্তিশালী নেতৃত্বৰ উমান পালে আৰু সশস্ত্র বাহিনীৰ সাহস দেখিলে। নিজৰ ভাষণত তেওঁ চুবুৰীয়া ৰাষ্ট্ৰৰ ভূমিকা আৰু ভাৰতৰ স্থিতি, পৰিৱেশ সংৰক্ষণত গুৰুত্ব দি উন্নয়ন, সাংস্কৃতিক ঐক্য, ভাৰতৰ দাৰ্শনিক দৃষ্টিভংগী আদি বহু বিষয়ৰ উল্লেখ কৰে। ড° ভাগৱতে দৃঢ়তা প্রকাশ কৰি কয়, যে শতবার্ষিকীত সংঘই ব্যক্তি নিৰ্মাণৰ কাম সমগ্ৰ দেশলৈ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য লৈছে আৰু লগতে স্বয়ংসেৱকৰ জৰিয়তে সমাজৰ সকলো স্তৰলৈ পঞ্চ পৰিৱৰ্তন কাৰ্যসূচীক আগবঢ়াই নিয়াৰ সংকল্প কৰিছে।
মুখ্য অতিথি হিচাপে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে কয়, যে নাগপুৰৰ সৈতে সম্পর্ক থকা দুজন চিকিৎসকে তেওঁৰ জীৱন গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই ছেগতে তেওঁ ড° কেশৱ বালিৰাম হেগড়েৱাৰ আৰু ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ কথা উল্লেখ কৰে। শ্ৰীকোৱিন্দে কয়, যে এই দুগৰাকী নেতাৰ সামাজিক সংহতিৰ দৰ্শনে তেওঁৰ বাবে ৰাষ্ট্ৰপতি পদৰ দৰে শীৰ্ষ পদত অধিষ্ঠিত হোৱাটো সম্ভৱ কৰি তুলিছিল।
অন্যান্য স্বয়ংসেৱকসকলৰ লগতে অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীও উপস্থিত আছিল। আৰ এছ এছ বিজয় দশমী উৎসৱত সংঘৰ শতবার্ষিকী উপলক্ষে বৌদ্ধ আধ্যাত্মিক গুৰু দালাই লামাই প্ৰেৰণ কৰা বাৰ্তা পাঠ কৰা হয়। প্রথম সংঘ চালক ড° কেশৱ হেগড়েৱাৰে ১৯২৫ চনৰ বিজয়া দশমীত নাগপুৰত বিশ্বৰ সৰ্ববৃহৎ সামাজিক সংগঠন আৰ এছ এছ প্ৰতিষ্ঠা কৰিছিল।