আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশে প্রায় ৫২ সামুদ্রিক মাইল দূৰত্বত আৱদ্ধ আমেৰিকাৰ ২ নাগৰিকক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশে প্রায় ৫২ সামুদ্রিক মাইল দূৰত্বত আৱদ্ধ হৈ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুগৰাকী নাগৰিকক উদ্ধাৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে আৱদ্ধ হৈ পৰা লোক দুগৰাকীয়ে প্ৰেৰণ কৰা বিপদ সংকেত লাভ কৰাৰ পাছত পৰ্ট ব্লেয়াৰৰ সামুদ্রিক উদ্ধাৰ সমন্বয় কেন্দ্ৰই এলেকাটোত বিচৰণ কৰি থকা জাহাজসমূহক এই সন্দৰ্ভত সতৰ্ক কৰি দিয়াকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। একেদৰে ভাৰতীয় উপকূল ৰক্ষী বাহিনীয়েও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘ছি এঞ্জেল’ নামৰ জাহাজখনক উদ্ধাৰ কৰাৰ বাবে অভিযান চলায়। বাহিনীটোৰ ৰাজৱীৰ নামৰ জাহাজখনেৰে উদ্ধাৰ অভিযান চলোৱা উপকুলৰক্ষীসকল ‘ছি এঞ্জেল’ৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সমৰ্থ হয় আৰু প্ৰচণ্ড বতাহত তথা কাৰিকৰী বিজুতিৰ ফলত আৱদ্ধ হৈ পৰা লোক দুজনক সুস্থ অৱস্থাত উদ্ধাৰ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।