ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আন্তঃৰাষ্ট্ৰীয় ৰসায়ন তথা গণিত অলিম্পিয়াদত পদক অৰ্জন শিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতত প্ৰশংসা

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত নিজৰ মনৰ ভাব ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহত ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ৰসায়ন অলিম্পিয়াদত পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক প্ৰশংসা কৰে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াদতো ভাৰতীয় শিক্ষার্থীসকলে ৩ টা সোণ, ২ টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে বুলি উল্লেখ কৰি তেওঁ কয়, যে গণিত বিশ্বত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে। অহা মাহত মুম্বাইত আযোজিত জ্যোতির্বিজ্ঞান আৰু জ্যোতিপদার্থ বিজ্ঞান অলিম্পিয়াড এতিয়ালৈ অনুষ্ঠিত অলিম্পিয়াডসমূহৰ ভিতৰত সৰ্ববৃহৎ অলিম্পিয়াড হিচাপে পৰিগণিত হ’ব বুলি তেওঁ উল্লেখ কৰে। মুম্বাইত ১১ টা আৰু তামিলনাড়ুত এটা মুঠ ১২ টাকৈ মাৰাথা দূৰ্গা বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ইউনেস্কোই স্বীকৃতি দিয়া সন্দৰ্ভত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। প্রধানমন্ত্রীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ অতুলনীয় ত্যাগৰ জৰিয়তে দেশ স্বাধীন হোৱাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে পহিলা আগষ্টত লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যু বার্ষিকী তথা ৮ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হোৱাৰ বিষয়েও সোঁৱৰে।