আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে। তেওঁ বৰ্তমান দেশৰ পৰা বহু দূৰত আছে যদিও দেশবাসীৰ অন্তৰত আছে বুলি উল্লেখ কৰি মহাকাশচাৰীগৰাকী এই যাত্ৰাই নতুন যুগৰ শুভাৰম্ভ কৰিলে বুলি মন্তব্য কৰে। প্ৰদক্ষিণ কৰাটো ভাৰতৰ শতিকা পুৰণি পৰম্পৰা বুলি অভিহিত কৰি শ্ৰী মোদীয়ে কয়, যে শুক্লাই পৃথিৱীৰ প্ৰদক্ষিণ কৰা বিৰল সুযোগ লাভ কৰিছে। প্রধানমন্ত্রীয়ে গ্রুপ কেপ্টেইন শুক্লাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে শ্ৰী শুক্লাই দেশক প্রতিনিধিত্ব কৰি গৌৰৱান্বিত বুলিও প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীক নিজৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰি শ্ৰী শুক্লাই কয়, যে শৈশৱত তেওঁ কেতিয়াও মহাকাশচাৰী হোৱাৰ কথা কল্পনা কৰা নাছিল। তেওঁ কয়, যে প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত বৰ্তমান দেশৰ জনগণে নিজৰ সপোন পুৰণ কৰাৰ বাবে সুবিধা লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা শুভাংশু শুক্লা প্ৰথমগৰাকী ভাৰতীয় বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে তেওঁক পৃথিৱীত কৰা কঠোৰ অনুশীলনৰ সৈতে মহাকাশ কেন্দ্ৰৰ পৰিস্থিতিৰ বৈসাদৃশ্যৰ বিষয়ে সোধে। শূন্য মাধ্যাকর্ষণ শক্তিৰ বিষয়ে জনাৰ লগতে আগতীয়া অনুশীলন স্বত্বেও কক্ষপথৰ বাস্তবিকতা সম্পূৰ্ণ পৃথক বুলি শ্ৰী শুক্লাই প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে পানী খোৱা বা শোৱাৰ দৰে সহজ কামবোৰো মহাকাশত অতি প্ৰত্যাহ্বানমূলক। নিজৰ প্ৰশিক্ষণকালত বহু কথা শিকা বুলি উল্লেখ কৰি তেওঁ কয়, যে এই যাত্ৰা সমগ্ৰ দেশৰ বাবে সমূহীয়া জয়। আকাশেই সীমা নহয় বুলি তেওঁ নৱ প্ৰজন্মক উদ্দেশ্যি উল্লেখ কৰে। মহাকাশ ক্ষেত্ৰত ভাৰত দ্ৰুত গতিত আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ ভৱিষ্যতে মহাকাশত দেশৰ নিজা কেন্দ্ৰ থাকিব বুলি কয়। মহাকাশৰ পৰা প্ৰথমবাৰৰ বাবে নিজৰ দেশখনক দেখোতে মানচিত্ৰত দেখাতকৈও বহু ডাঙৰ দেখি বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মহাকাশ গৱেষণাই ভৱিষ্যতে কৃষি বা স্বাস্থ্য খণ্ডক উপকৃত কৰিব নেকি বুলি মহাকাশচাৰীজনৰ পৰা জানিব বিচাৰে। শ্ৰী শুক্লাই কয়, যে ভাৰতীয় বিজ্ঞানীয়ে প্ৰথমবাৰৰ বাবে সাতটা অনন্য সম্পৰীক্ষনৰ আৰ্হি প্ৰস্তুত কৰিছে আৰু এইসমূহ মহাকাশ কেন্দ্ৰলৈ লৈ যোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।