ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 26, 2024 8:23 PM | India Telecom

printer

আন্তঃৰাষ্ট্ৰীয় ভুৱা ক’ল বন্ধ কৰাৰ বাবে দূৰ সংযোগ সেৱা প্ৰদানকাৰী কোম্পানীসমূহক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে দূৰ সংযোগ সেৱা প্ৰদানকাৰী কোম্পানীসমূহক আন্তঃৰাষ্ট্ৰীয় ভুৱা ক’ল বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এখন বিজ্ঞপ্তিত যোগাযোগ মন্ত্ৰ্যালয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় ভুৱা কল কৰা লোকসকলে দেশৰ নাগৰিকসকলক ভাৰতৰ ফোন নম্বৰ দেখুৱাই চাইবাৰ অপৰাধ আৰু বিত্তীয় খেলি-মেলি সংঘটিত কৰি আহিছে। এই ফোন কলসমূহ ভাৰতৰ পৰা কৰা দেখুৱাই যদিও চাইবাৰ অপৰাধীসকলে বিদেশৰ পৰা এই কলসমূহ কৰি আহিছে। মন্ত্ৰ্যালয়ে কৈছে যে, এইসমূহ বর্তমান সময়ত ডিজিটেল গ্ৰেপ্তাৰ ফেড এক্স জালিয়াতি, ড্ৰাগছ কুৰিয়াৰ, চৰকাৰী আৰু আৰক্ষী বিষয়াৰ অনুকৰণ, মোবাইল সংযোগ আদি বিভিন্ন কাৰণত ব্যৱহাৰ কৰি আহিছে। উল্লেখযোগ্য যে, যোগাযোগ বিভাগ আৰু দূৰ সংযোগ সেৱা প্ৰদানকাৰী কোম্পানীসমূহে আন্তঃৰাষ্ট্ৰীয় ভুৱা কল বন্ধ কৰাৰ বাবে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।