ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 27, 2025 2:57 PM | Nirmala Sitaraman

printer

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান নেওচি ভাৰত বিকাশৰ দিশত অগ্ৰসৰ হৈছেঃ বিত্তমন্ত্রী

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান নেওচি ভাৰত বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদ সন্মিলনত ভাষণ দি শ্ৰীমতী সীতাৰমনে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখলাৰ কেন্দ্ৰীকৰণৰ বাবে বর্তমান ভালেমান প্রত্যাহ্বান আহি পৰিছে। মন্ত্ৰী গৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা, বিকশিত ৰাষ্ট্ৰ সমূহক নিৰ্ধাৰণ কৰিবলৈ দিয়া নহব। নতুন আন্তঃৰষ্ট্ৰীয় ব্যৱস্থাত বাণিজ্য আৰু প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতে ইয়াত অংশ গ্রহণ কৰিব লাগিব৷ শ্ৰীমতী সীতাৰমনে বিকশিত ৰাষ্ট্ৰ সমূহকো প্ৰযুক্তি আৰু মেধাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। ভাৰতে নিজৰ কৌশলগত প্রয়োজন সমূহ কাৰ্যসূচীত আগস্থান দিব লাগিব বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে বর্ধিত মধ্যবিত্ত, দৰিদ্ৰ আৰু উদ্যমী শ্ৰেণীৰ, আকাংক্ষা সমূহ পূৰণৰ বাবে ভালেমান মৌলিক বিষয়ত কাম কৰাৰ প্ৰয়োজন আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।